বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। এই বাজেটে নতুন অসম গঢ়াত বিশেষ ভূমিকা ল’ব বুলি বিত্তমন্ত্রী নেওগে সদনত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকক জানিবলৈ দিয়ে। ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে।
বিধানসভাত বাজেট দাখিল কৰি শ্ৰীমতী নেওগে কয়, যে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৯ শতাংশ আৰু জনমুৰি আয় ১৮ শতাংশলৈ বৃদ্ধি পাইছে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে অসমক প্ৰগতিৰ বাট মুকলি কৰি দিয়া বুলি উল্লেখ কৰি তেওঁ কয়, যে ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ ক্ষেত্ৰত চৰকাৰ সফল হৈছে। কেন্দ্ৰৰ পৰা অসমে ১৮ হাজাৰ ৫০০ কোটিৰ সাহায্য লাভ কৰিছে বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে। তেওঁ কয়, যে অসমত প্ৰতিদিনে প্রায় ১৩ কিলোমিটাৰতকৈও অধিক পকী পথ আৰু প্ৰায় এখন পকী দলং নিৰ্মাণ কৰি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে উল্লেখনীয় সাফল্য লাভ কৰিছে। ছট পাৱাৰৰ ক্ষেত্ৰতো অসমে উদীয়মান ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি চৰাইদেউ মৈদামে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা, অসমীয়া ভাষা ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰা আৰু নিউয়র্ক টাইম্ছৰ ২০২৫ বৰ্ষত ভ্ৰমণ কৰিবলগীয়া শীৰ্ষৰ ৫২ খন স্থানৰ তালিকাত অসমে শীৰ্ষৰ চতুৰ্থটো স্থান লাভ কৰা সন্দৰ্ভতো বিত্তমন্ত্রী অজন্তা নেওগে উল্লেখ কৰে। তেওঁ কয়, যে ৭০ লাখতকৈও অধিক পৰিয়ালক পৰিয়াল পৰিচয় পত্ৰ প্ৰদানেৰে চৰকাৰে ২ কোটি ৪৫ লাখ ব্যক্তিক প্রধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ আওতালৈ আনিবলৈ সমৰ্থ হৈছে।
১০৯ পৃষ্ঠাৰ এই বাজেটখনেই হ’ব ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বিকশিত অসমৰ লক্ষ্য পূৰণৰ উদ্দেশ্যেৰে কৃষক, দৰিদ্ৰ শ্ৰেণী, যুৱ প্ৰজন্ম আৰু মহিলা সৱলীকৰণৰ দৰে বিষয়সমূহত এই বাজেটত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
বাজেট দাখিলৰ পূৰ্বে প্রশ্নোত্তৰ পৰ্বৰে বিধানসভাৰ কাম-কাজ আৰম্ভ হয়। বিধায়ক কমলাক্ষ দে’ পুরকায়স্থই আধাৰ বঞ্চিত নাগৰিকক আধাৰ লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে প্রশ্ন উত্থাপন কৰে। বিধায়ক শ্ৰী পুৰকায়স্থ উত্তৰত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে অসমৰ প্ৰত্যেক জিলাৰ আধাৰ কেন্দ্ৰসমূহত আধাৰ লাভৰ ব্যৱস্থা আছে। অসমত চলিত বৰ্ষৰ জানুৱাৰীলৈকে ৯৬ দশমিক ৯ ৭ শতাংশ লোকে আধাৰ লাভ কৰিছে। অসমত থকা বাংলাদেশীৰ সংখ্যা ২০২১ চনৰ পৰা ২০২৪ চনলৈ ১৫৬ জন বুলি মুখ্যমন্ত্রী শর্মাই জানিবলৈ দিয়ে। ইয়াৰে ২০২১ চনত ৫১ জন, ২০২২ চনত ৫৭, ২০২৩ চনত ২২ আৰু ২০২৪ চনত ২৬ জন বাংলাদেশীক চিনাক্ত কৰা হৈছে। নাগৰিকত্ব বিষয়ত সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, যে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ। লোকপিয়ল সঞ্চালকালয়ৰ পৰা পোৱা তথ্য মতে CAA প্ৰৱৰ্তন হোৱা দিনৰ পৰা এতিয়ালৈ অসমত বাস কৰা মুঠ ৩৯ জন লোকে এই আইনৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছে। আবেদনকাৰীসকলৰ মাজৰ পৰা এতিয়ালৈকে দুগৰাকীক নাগৰিকত্ব প্ৰদান কৰা হৈছে আৰু ১৮ খন আবেদন বিচৰাধীন হৈ আছে।
বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গার্লোছাই কয়, যে ক্রীড়া আন্তঃগাঁথনিৰ সৈতে জড়িত সকলোবোৰ বিষয় লোকনির্মাণ বিভাগক গতাই দিয়া হৈছে। চৰকাৰৰ উত্তৰণ আঁচনিৰ অধীনত লোকনিৰ্মাণ বিভাগৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন জিলাত নির্মাণকার্য সম্পূৰ্ণ হোৱা আৰু নিৰ্মীয়মান অৱস্থাত থকা ৩০ টা প্ৰকল্পৰ কথা উল্লেখ কৰে। তদুপৰি অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত ৰাজ্যখনৰ ৪০ টা সমষ্টিৰ প্ৰতিটোতে ১২ কোটি টকা ব্যয়সাপেক্ষে এখনকৈ মিনি ষ্টেডিয়াম নিৰ্মাণৰ অভিলাষী আঁচনি বাস্তৱায়িত কৰাৰ বাবে যাৱতীয় পদক্ষেপ লোৱা হৈছে। ৰাজ্যখনৰ ১১ খন জিলাৰ প্ৰতিখনতে ৫০ কোটি টকা ব্যয়সাপেক্ষে এখনকৈ জিলা ষ্টেডিয়াম নির্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।