গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত নৱবৰ্ষৰ পহিলা দিনত গ্রন্থপ্ৰেমীৰ ভিৰ

গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্রন্থমেলাত আজি নৱবৰ্ষৰ পহিলা দিন উপলক্ষে অগণন গ্রন্থপ্ৰেমীৰ সমাগম হৈছে। অসম প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি গ্ৰন্থৰ বিক্ৰী যথেষ্ট আশাব্যঞ্জক। আজি বিয়লি গ্রন্থমেলাথলীত লেখক-পাঠকৰ উন্মিলন শীৰ্ষক সমাৰোহৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত, কবি, লেখক ড০ পাৰ্থ সাৰথি মহন্তই এই সন্মিলনৰ শুভাৰম্ভ কৰে। নিজৰ ভাষণত তেওঁ মাতৃভাষাক লৈ গৌৰৱ কৰিব পৰা মানসিকতা গঢ়ি তুলিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লৈ কলকাতাৰ প্ৰখ্যাত লেখক বিনোদ ঘোষালে নতুন লেখকসকলক নিজে অন্তঃকৰণেৰে বিশ্বাস কৰা বিষয়হে লিপিবদ্ধ কৰিবলৈ আহ্বান জনায়। সাংবাদিক-লেখক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত সৃঞ্জনা শৰ্মা, কৌশিকী গোস্বামী, সংকল্পজিৎ শ‍ইকীয়া, হৰ্ষিতা হিয়াৰ লগতে কেইবাগৰাকী যুৱপ্ৰজন্ম লেখকে অংশগ্ৰহণ কৰে। গ্ৰন্থমেলাথলীত আজিও কেইবাখনো গ্রন্থ উন্মোচন কৰা হয় ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।