আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস। বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা স্বাস্থ্য বিভাগ তথা অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্য পৰীক্ষা শিবিৰত এই দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপৰ কুপ্ৰভাৱৰ বিষয়ে সজাগ কৰাৰ লগতে প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত স্বাস্থ্য বিষয়াসকলে জনসাধাৰণক অৱগত কৰে। এই দিৱসৰ অংশ হিচাপে বৈথালাংছ’ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা সমদল উলিওৱা হয়। গোলাঘাট জিলাৰ বোকাখাত নাট্য মন্দিৰত উচ্চ ৰক্তচাপ সন্দৰ্ভত স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু স্বেচ্ছাসেৱী সংগঠন সহায় বাদুলিপাৰ উদ্যোগত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সহযোগত এই শিবিৰৰ আয়োজন কৰা হয়। কাছাৰ জিলা প্ৰশাসনে এই দিৱসৰ লগত সংগতি ৰাখি আজিৰ পৰা এমাহজোৰা স্বাস্থ্য অভিযান আৰম্ভ কৰিছে। এই উপলক্ষে আজি শিলচৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়, ৪১ টা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্র, ২৭১ টা আয়ুস্মান আৰোগ্য মন্দিৰ আৰু উপকেন্দ্ৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব। শ্ৰীভূমি জিলাতো এই দিৱসৰ লগত সংগতি ৰাখি এমাহজোৰা কাৰ্যসূচীৰে সজাগতা অভিযান আৰম্ভ কৰা হৈছে। এই সময়ছোৱাত খাদ্যাভাস, নিয়মীয়া ব্যায়াম, ধঁপাত আৰু মদ্যপান পৰিহাৰ, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বিষয়ে জনসাধাৰণক সজাগ কৰা হ’ব। ওদালগুৰি জিলাতো স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বিশ্ব ৰক্তচাপ দিৱস পালন কৰা হয়। জিলাখনৰ উপ-স্বাস্থ্যকেন্দ্র, চাহ বাগিচা চিকিৎসালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, উচ্চ ৰক্তচাপৰ ক্ষতিকাৰক দিশ আৰু ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱস বিষয়বস্তু হৈছে— উচ্চ ৰক্তচাপৰ সঠিক নিৰূপন, ইয়াৰ নিয়ন্ত্ৰণ আৰু দীৰ্ঘজীৱী হোৱা। বেচৰকাৰী সংস্থা ৱ’ৰ্ল্ড হাইপাৰটেনচন লীগৰ উদ্যোগত ২০০৫ চনৰ পৰা বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰি অহা হৈছে।
Site Admin | May 17, 2025 8:53 PM | assam blood presser day
ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন
