ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি, ভিন্ন প্ৰান্তত ভোগালী মেলাৰ আয়োজন

ভোগালী বিহুলৈ মাজত ৩টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকল মেজি, ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জিলাৰ বজাৰসমূহতো চাহিদা অনুসৰি থলুৱা মাছৰ যোগান ধৰাৰ বাবে লক্ষীমপুৰ, বৰুৱাবিল আদি স্থানীয় মীন মহল আৰু মীন উৎপাদকসকল সাজু হৈছে। ইপিনে, বিহুৰ বতৰত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিৰ্দেশনা জাৰি কৰিছে।

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ প্ৰান্তে প্রান্তে ভোগালী মেলাৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ শোণিতপুৰ শাখাৰ উদ্যোগত তেজপুৰ চাৰ্ছ ফিল্ডত আজি বিধায়ক পৃথ্বীৰাজ ৰাভাই ভোগালী মেলা উদ্বোধন কৰে। এই ৩ দিনীয়া মেলাত জিলাখনৰ ৩০ টাৰো অধিক আত্মসহায়ক গোটৰ সদস্যই পৰম্পৰাগত বস্ত্র, জলপান, পিঠাপনাকে ধৰি খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। এই মেলাত টেকেলীভঙা, কণীযুঁজ আদিকে ধৰি বিভিন্ন খেল ধেমালীৰো আয়োজন কৰা হৈছে।

মৰিগাওঁ জিলাৰ বিহুতলীত ৩ দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা অনুষ্ঠিত হৈছে। এই মেলাত জিলাখনৰ ৫ টা উন্নয়ন খণ্ডৰ ৩২ টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। তিৱা জনগোষ্ঠীৰ জনপ্ৰিয় শিল্পী ভগৱান সেনাপতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ এটা ভেলাঘৰ সাজি উলিয়াইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আমনিখালী গাঁৱৰ এই শিল্পকর্ম পৰিদৰ্শন কৰি আনন্দ প্ৰকাশ কৰে।

গোৱালপাৰা চহৰৰ ভালুকডুবি শালবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত আজিৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলাৰ আয়োজন কৰা হৈছে। ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উদ্বোধন কৰা এই মেলাত জিলাখনৰ ৮ টা উন্নয়নখণ্ডৰ আত্মসহায়ক গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।