অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক কংগ্ৰেছ বিধায়ক নুৰুল হুদাই অপদস্থ কৰা বুলি বিজেপিৰ বিধায়কে অভিযোগ উত্থাপন কৰাত সদনত হুলস্থূলীয়া পৰিৱেশ

উপাধ্যক্ষ নোমল মমিনে আজি বিধানসভাত প্রবেশ কৰাৰ সময়ত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰা বুলি বিজেপিৰ কেইগৰাকীমান বিধায়কে বিধানসভাত অভিযোগ উত্থাপন কৰাক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষ বিশ্বজিৎ‍ দৈমাৰীয়ে সদনৰ কাম-কাজ ১০ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া আৰু আন কেইবাগৰাকীও কংগ্ৰেছ বিধায়কে অভিযোগৰ সত্যাসত্য বিচাৰ কৰিবলৈ বিধানসভা চৌহদৰ চি চি টিভি ফুটেজ পৰীক্ষা কৰিবলৈ অধ্যক্ষক অনুৰোধ জনায়। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অধ্যক্ষ শ্রীদৈমাৰীক এজাহাৰ দাখিল কৰিবলৈ অনুৰোধ জনায়। ইপিনে, বিধানসভাত শুকুৰবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা অশোভনীয় আচৰণৰ প্ৰতিবাদত কংগ্ৰেছ দলৰ বিধায়কসকলে ক’লা পোছাক পৰিধান কৰি বিধানসভাত প্রৱেশ কৰে। একেটা বিষয়ক লৈ এ আই ইউ ডি এফৰ বিধায়কসকলে সদনত হেঙাৰ-জপনা লৈ প্ৰৱেশ কৰে। সদনত বিষয়টো সম্পৰ্কত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে সেইদিনা তেওঁ সদনত উপস্থিত নথকাৰ বাবেহে এনে ঘটনা ঘটিবলৈ পালে। ৰূপজ্যোতি কুৰ্মীক সংযত হ’বলৈ তেওঁ পুনৰবাৰ আহ্বান জনায় আৰু বিষয়টো ইমানতে সমাপ্ত কৰিবলৈ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াক আহ্বান জনায়।