অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ কালি পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় ৷ ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিছেছ এমেণ্ডমেণ্ট বিল-২০২৪, পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিক’ল টেক্সেছন এমেওমেণ্ট বিল-২০২৪, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেছন অৱ ছিলিং অন লেণ্ড হল্ডিংছ এমেণ্ডমেণ্ট বিল-২০২৪, দি আছাম এগ্রিকালছাৰেল লেণ্ড (ৰেগুলেচন অৱ ৰি ক্লাছিফিকেচন এণ্ড ট্রান্সফাৰ ফৰ নন-এগ্রিকালছাৰেল পাৰপাছ) এমেণ্ডমেণ্ট বিল-২০২৪ উত্থাপন কৰে। ১০ বছৰ ধৰি খেতি নোহোৱা কৃষিভূমি শ্রেণী পৰিৱৰ্তন কৰা, চৰকাৰক নিৰ্দিষ্ট পৰিমাণৰ মাচুল কৃষিভূমি বাণিজ্যিক ভূমিলৈ পৰিৱৰ্তন কৰা, খেতি নোহোৱা, উদ্যোগৰো সম্ভাৱনা নথকা কৃষিভূমি শ্রেণী পৰিৱৰ্তন কৰি তাত দোকান-পোহাৰ আদি দিয়াৰ ব্যৱস্থা কৰা আদি বিষয়ক সামৰি দি আছাম এগ্রিকালছাৰেল লেণ্ড এমেণ্ডমেণ্ট বিল-২০২৪ উত্থাপন কৰা হয়। বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কালি এই বিধেয়কখনৰ বিষয়ত মন্তব্য কৰি কয় যে, বহু ঠাইত চাহ বাগিচাৰ ভূমিত ৬০-৭০ বছৰ ধৰি মানুহে বসবাস কৰি আছে যদিও তেওঁলোকক পট্টা দিব পৰা নাছিল। এতিয়া যোগ্য ব্যক্তিয়ে চৰকাৰক উপযুক্ত মাচুল দি তেনে মাটি ম্যাদী কৰিব পাৰিব। মন্ত্রী যোগেন মহনে ৰাজ্যত ২০২০ চনৰ পৰা বৰ্তমানলৈকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰি কয় যে, প্রাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনত ২০২০ৰ পৰা বৰ্তমানলৈকে মুঠ ৭৮৪জন লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যত বিগত সময়ছোৱাত বানৰ ক্ষয়-ক্ষতিৰো তথ্য দাঙি ধৰে।
Site Admin | August 31, 2024 12:38 PM | assam assembly bill
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন
