বৈবাহিক সম্পৰ্কৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰখাৰ লগতে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ঐতিহাসিক পদক্ষেপ হিচাপে বিধানসভাই আজি বহুবিবাহ প্ৰতিৰোধ বিধেয়ক গৃহীত কৰে। শীতকালীন অধিবেশনৰ প্ৰথম দিনা উত্থাপন কৰা এই বিধেয়কৰ জৰিয়তে আইনীভাবে প্রথম বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা কাৰ্যক অপৰাধৰ শ্ৰেণীভুক্ত কৰিব খোজা হৈছে। বিধেয়কখনত পূৰ্বৰ বিবাহৰ কথা গোপনে ৰাখি দ্বিতীয় বিবাহ কৰা ব্যক্তিক ১০ বছৰ আৰু প্ৰথম বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা ব্যক্তিক ৭ বছৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনৰ অধীনত বাৰে বাৰে এনে অপৰাধ কৰাসকলক দুগুণ শাস্তি বিহাৰ ব্যৱস্থা আছে। বহুবিবাহত লিপ্ত হোৱা পুৰোহিত, মৌলানা, যাজক আদিক ডেৰ লাখ টকা পর্যন্ত জৰিমনা বিহা হ’ব আৰু কৰ্তৃপক্ষৰ পৰা ইচ্ছাকৃতভাবে তথ্য লুকোৱা বা পলমকৈ তথ্য প্রদান কৰা লোকসকলক দুবছৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহা হ’ব। অবশ্যে বিধেয়কখন ৰাজ্যৰ ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকা আৰু জনজাতীয় লোকসকলৰ মাজত প্ৰযোজ্য নহ’ব। মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই আজিৰ দিনটো ঐতিহাসিক বুলি উল্লেখ কৰি কয়, যে এই বিধেয়কখন আইনত পৰিণত হ’লে অসম চৰকাৰ ধৰ্ম নির্বিশেষে ৰাজ্যৰ সকলো শ্ৰেণীৰ মহিলাৰ প্ৰতি সম দৃষ্টিভংগী সম্পন্ন আৰু ন্যায় বিচাৰৰ বাবে আগ্রহী হোৱাটোকে প্রতিপন্ন কৰিব বুলি মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে তেওঁৰ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে ৰাজ্যত ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ হ’ব বুলি ঘোষণা কৰে। মহিলাৰ বিবাহৰ ন্যূনতম বয়স ২১লৈ বৃদ্ধি কৰিব বুলিও তেওঁ মন্তব্য কৰে।
বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত মুঠ ৩১ জন বিধায়কে অংশগ্ৰহণ কৰে। কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই এম আৰু ৰাইজৰ দলে বিধেয়কখনত ভালেমান সংশোধনৰ আৰু বাছনি সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়। বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পাছত কংগ্ৰেছ আৰু ৰাইজৰ দলে তেওঁলোকৰ দাবীসমূহ প্ৰত্যাহাৰ কৰে। অৱশ্যে এ আই ইউ ডি এফ আৰু চি পি আই এম দলে তেওঁলোকৰ দাবীসমূহ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত বিধেয়কখন আইনত পৰিণত হ’ব।
আজিৰ বিধানসভাত আনকেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। মন্ত্রী অজন্তা নেওগে ২০২৫-২৬ বৰ্ষৰ অসম বিনিয়োজন বিধেয়ক উত্থাপন কৰে। তদুপৰি বিদ্যালয় শিক্ষা বিভাগৰ লগত সম্পর্কিত ২০২৫-২৬ বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভতো আলোচনা আৰু ভোটদান হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ (সংশোধনী) বিধেয়ক ২০২৫ আৰু অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক ২০২৫ৰ বিবেচনাৰ বাবে প্রস্তাব দিয়ে। মন্ত্রী কেশব মহন্তই অসম সত্র সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক ২০২৫ বিবেচনাৰ বাবে প্রস্তাব আগবঢ়ায়।