অসম বিধানসভাত ৪খন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন

অসম বিধানসভাত আজি চাৰিখন নতুন বিধেয়ক আৰু এঘাৰখন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বাবে মুঠ ৮ খন সংশোধনী বিধেয়ক উত্থাপন কৰে। এই সংশোধনীৰ জৰিয়তে নতুনকৈ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা শিক্ষানুষ্ঠানকেইখনত প্ৰথমগৰাকী উপাচাৰ্য নিয়োগ কৰা হ’ব। তদুপৰি ভৱিষ্যতে এই বিশ্ববিদ্যালয়সমূহত ৰাজ্যপালে উপাচাৰ্যক নিয়োগ কৰিব। ডাঃ পেগুৱে বিধানসভাত অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়কো উত্থাপন কৰে। এই সংশোধনী বিধেয়কত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহত নতুন কাৰিকৰী আৰু চিকিৎসা বিজ্ঞান পাঠ্যক্রম প্ৰণয়নত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ধর্মান্তকৰণমূলক কার্যকলাপৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এই সংশোধনী বিধেয়কত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহত প্রতি তিনিবছৰৰ মূৰে মূৰে চৰকাৰী বিষয়াই পৰিদৰ্শন কৰিব বুলি উল্লেখ কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্রদান কৰাটো নিশ্চিত কৰিবলৈ ব্যক্তগত ক’চিং প্রতিষ্ঠানসমূহক নিয়ন্ত্ৰণৰ লক্ষ্যৰে আজি সদনত দি আছাম ক’চিং ইনষ্টিটিউটছ কনট্‌ল এণ্ড ৰেগুলেচন বিধেয়ক উত্থাপন কৰে। ইপিনে দ্বিতীয় এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি দৰং জিলাত মা কামাখ্যা বিশ্ববিদ্যালয়, তিনিচুকীয়াত এডটেক দক্ষতা বিশ্ববিদ্যালয় আৰু বিটিআৰত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়কে ধৰি মুঠ ৩ খন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি বিধানসভাত ৩ খন বিধেয়ক উত্থাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।