ডাউনলোড
মোবাইল এপ

android apple
signal

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুর্থ দিনা ১০খন বিধেয়ক গৃহীত

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুর্থ দিনটোত আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন বিধেয়ক গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে ২৫০ বছৰ পুৰণি ঐতিহাসিক স্থান আৰু সত্ৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধত মাটি বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্রযোজ্য হ’ব। অৱশ্যে গৃহীত হোৱা বিধেয়কৰ পৰা মাজুলী জিলা প্ৰত্যাহাৰ কৰা হৈছে। উল্লেখযোগ্য যে শৰৎকালীন অধিবেশনৰ চতুৰ্থ দিনটোত বিধানসভাত আজি ১০ খন বিধেয়ক গৃহীত হয়। ইয়াৰ ভিতৰত- দি আছাম টেনেন্সি এমেণ্ডমেণ্ট বিল ২০২৪, দি আছাম ৰিপিলিং বিল ২০২৪, দি আছাম ভেটেৰীনেৰী এণ্ড ফিছাৰী ইউনিভাৰ্ছিটী বিল ২০২৪, দি আছাম স্কিলছ ইউনিভাৰ্ছিটী এমেণ্ডমেন্ট বিল ২০২৪ আৰু দা মৰাণ অটোনমাছ কাউন্সিল এমেণ্ডমেন্ট বিল ২০২৪ আছে। ইয়াৰ লগতে দি আছাম আবান ৱাটাৰ ব’ডিজ (প্রিজাৰভেচন এণ্ড কনজাৰভেচন বিল ২০২৪) শীর্ষক বিধেয়কখনো বিবেচনাৰ বাবে আজি বিধানসভাত উত্থাপন কৰা হয়। ইপিনে বিধায়ক ৰমাকান্ত দেউৰীয়ে সংখ্যালঘু এলেকাত হিন্দু ধর্মালৱন্ধী শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিধানসভাৰ অধ্যক্ষক আহ্বান জনায়। বিধায়ক দেউৰীয়ে কৰা এই আহ্বানক লৈ বিৰোধী বিধায়কসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। যাৰ বাবে বিধানসভাৰ অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

অধিক পঢ়ক

সকলো চাওক