কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই ঘটনাৰ বিষয়ত পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰি সদনৰ কাম-কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ বিৰোধী সদস্যসকলক আহ্বান জনায়। বিৰোধী সদস্যসকলে এই ঘটনাৰ সৈতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় জড়িত হৈ আছে বুলি উল্লেখ কৰি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। পাছত অধ্যক্ষই দহ মিনিটৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখে। সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ বিষয়টো পুনৰ সদনত উত্থাপন কৰাত কংগ্ৰেছৰ সদস্যসকলে ইয়াৰ প্রতি সমর্থন আগবঢ়ায়। বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই পুনৰ পাঁচ মিনিটৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখে।
সদন পুনৰ মিলিত হোৱাৰ সময়ত মন্ত্ৰী কেশৱ মহন্তই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্তন প্ৰস্তাৱ উত্থাপন কৰে যদিও পৰিস্থিতি উন্নত নোহোৱাত এই বিষয়ে আলোচনা কৰিব পৰা নহ’ল। কংগ্ৰেছৰ সদস্যসকলে এগৰাকী জনপ্রতিনিধিক দিনদুপৰতে আক্ৰমণৰ ঘটনাক উদ্বেগজনক বুলি উল্লেখ কৰি বিষয়টোলৈ আলোচনা কৰাৰ দাবীত অটল হৈ থাকে। অধ্যক্ষই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা সম্প্ৰতি ৰাজ্যৰ বাহিৰত থকাৰ বাবে এই বিষয়টোক লৈ পৰৱৰ্তী সময়ত আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। শাসক-বিৰোধীৰ মাজত এই বিষয়টোলৈ বাক-বিতণ্ডা চলি থকাৰ সময়তে মন্ত্রী পীযুষ হাজৰিকাই সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ অভিযোগত আৰক্ষীয়ে দহজন লোকক চিনাক্ত কৰাৰ কথা উল্লেখ কৰে ।
আৰক্ষীয়ে আইন অনুযায়ী এই অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। এই ঘটনাক কেন্দ্ৰ কৰি আজি ৰাজ্যখনৰ বিভিন্ন স্থানত আজি কংগ্ৰেছ কৰ্মীসকলে প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ বাতৰি পোৱা গৈছে। ইপিনে, আক্ৰমণৰ বলী হোৱা কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে আজি দুপৰীয়া নগাঁও সদৰ আৰক্ষী থানাত এই ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰে। গোচৰত ২২জন লোকৰ নাম উল্লেখ কৰা হৈছে।