ডাউনলোড
মোবাইল এপ

android apple
signal

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী-আছুৰ আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কৱচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হ’ব। কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনত এই আলোচনা অনুষ্ঠিত হ’ব। আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্যলৈ আনুষ্ঠানিক আমন্ত্রণপত্ৰ প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত অসম চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত ৰাজ্য চৰকাৰৰ আওতাৰ ৪০ টা বিষয় ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত কাৰ্যকৰী কৰিব বুলি প্রতিশ্রুতি দিছিল। কেন্দ্রীয় আৰু ৰাজ্য উভয় চৰকাৰৰ আওতাত পৰা ১২ টা বিষয়ৰ একে সময়তে কাৰ্যকৰী কৰা হ’ব বুলিও পূৰ্বৰ আলোচনাত কোৱা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা ১৫ টা বিষয় কাৰ্যকৰীকৰণৰ ব্যৱস্থা লবলৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিব। বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব। ৰাজ্য চৰকাৰৰ আওতাত পৰা বিষয়সমূহ কাৰ্যকৰী কৰাৰ বাবে এখন কর্মসূচী প্ৰস্তুত কৰি ছাত্ৰ সন্থাক অৱগত কৰাৰ লগতে এই সন্দৰ্ভত সংগঠনটোৰ মত গ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক