অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত আজিৰ পৰা গ্ৰন্থমেলা অনুষ্ঠিত হয়। বৰপেটা মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ সহযোগত তিনিদিনীয়াকৈ আয়োজিত গ্রন্থমেলাখন শিক্ষাবিদ তথা বৰপেটা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাৰিন্দ্ৰ ভূঞাই উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সাহিত্যিক অক্ষয় কুমাৰ মিশ্র, লেখিকা মনালিছা শ‍ইকীয়া উপস্থিত থাকে । উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদে ৰাজ্যৰ মহাবিদ্যালয়সমূহত গ্রন্থমেলা অনুষ্ঠিত কৰাৰ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ প্ৰথমখন গ্ৰন্থমেলা বৰপেটা মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।