ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বঙাইগাঁৱত ২০২৫-২৬ বৰ্ষৰ প্ৰথমখন অসম গ্রন্থ মেলা আৰম্ভ হৈছে। অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই বঙাইগাঁও চহৰৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত ৮ দিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখন কালি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, সাংবাদিক ড° সমুদ্রগুপ্ত কাশ্যপে উদ্বোধন কৰে। জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানৰ ভাষণত তেওঁ কয়, যে গ্রন্থই সভ্যতাৰ স্তৰ ধৰি ৰাখে আৰু জ্ঞানৰ মাৰ্গদর্শন কৰে। গ্ৰন্থই জাতীয় সভ্যতাৰো ভেঁটি নির্মাণ কৰে। এই ক্ষেত্ৰত সেয়েহে অভিভাৱকসকলে ভৱিষ্যত প্ৰজন্মৰ মনত গ্ৰন্থৰ প্ৰতি আকর্ষণ জগাই তুলিবলৈ দায়িত্বশীলতাৰে পদক্ষেপ গ্রহণ কৰা উচিত বুলি ড° কাশ্যপে মন্তব্য কৰে। কালিৰ অনুষ্ঠানত উত্তৰ-পূব পার্বত্য বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰববী অধ্যাপক ড° জ্যোতির্ময় প্রধানী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বৌদ্ধিক পৰিৱেশ নির্মাণেৰে সুস্থ সমাজ গঠনত গ্রন্থ মেলাৰ অবদান অনস্বীকার্য বুলি অধ্যাপকগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে।
Site Admin | October 23, 2025 11:41 AM | Asom Book Fair
কালিৰেপৰা বঙাইগাঁৱত ২০২৫-২৬ বৰ্ষৰ প্ৰথমখন অসম গ্রন্থ মেলা আৰম্ভ