চীনৰ জিয়াংশানত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত

চীনৰ জিয়াংশানত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত পৰিছে। পুৰুষৰ ৯৬ কিলোগ্রাম শাখাত ভাৰতৰ দিলবাগ সিং নৱম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ পূৰ্বে ছেৰাম নিৰুপমা দেৱীয়ে মহিলাৰ ৬৪ কিলোগ্রাম শাখাত মুঠ ২০৬ কেজি ভাৰত্তোলনেৰে সামান্য ব্যৱধানৰ বাবে পদকৰ পৰা বঞ্চিত হৈ চতুৰ্থ স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে, এই প্রতিযোগিতাত ভাৰতৰ মাত্ৰ দুগৰাকী ভাৰত্তোলকেহে অংশগ্ৰহণ কৰিছিল। তাৰকা ভাৰোত্তোলক মিৰাবাই চানুৱে নতুন ওজন শাখাৰ সৈতে নিজকে খাপ খুওৱাৰ প্ৰস্তুতিৰ বাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ পৰা বিৰত আছিল। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনে ওজন বিভাগৰ ক্ষেত্ৰত অনা পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত চানুৱে পূৰ্বৰ ৪৯ কিলোগ্রাম শাখাৰ পৰিৱৰ্তে আগলৈ ৪৮ কিলোগ্রাম শাখাত অংশগ্রহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।