গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কালিৰে পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্র মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো মনোগ্রাহী ছবি প্রদর্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্রেক্ষাগৃহত আজি কার্বি ভাষাৰ ছবি কাংব’ আলতি (দা লষ্ট পাথ) অসমীয়া ভাষাৰ ছবি ৰ’দৰ পাখি আৰু ভিয়েটনামৰ ছবি কু-লি নেভাৰ ক্রাইজ প্রদর্শন কৰা হয়। মহোৎসৱৰ আৰম্ভণিৰ দিনা কালি বড়ো ভাষাৰ ছবি মোনাবিলি (এন ইভিনিং বেলাড), জাপানী ভাষাৰ ছবি এছ আৰু উজবেকিস্তানৰ ছবি ছানডে’ প্রদর্শিত হয়। গুবাহাটী এছিয়ান চলচ্চিত্র মহোৎসবে এইবাৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়াইছে। মহোৎসৱৰ সৈতে সংগতি ৰাখি চলচ্চিত্ৰৰ সৈতে জড়িত বিভিন্ন আলোচনা চক্রও অনুষ্ঠিত হৈছে।
Site Admin | January 23, 2026 7:24 PM | Guwahati Asian Film Festival
এছিয়ান চলচ্চিত্র মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো মনোগ্রাহী ছবি প্রদর্শন