এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ’ৰ পৰ্যায়ৰ এখন খেলত আজি পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ’বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব। ভাৰত আৰু বাংলাদেশে ইতিমধ্যে ২ পইণ্টতকৈ লাভ কৰিছে যদিও পাকিস্তান আৰু শ্ৰীলংকাই এতিয়াও ছুপাৰ-ফ’ৰত কোনো পইণ্ট লাভ কৰা নাই। ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত পাকিস্তানৰ দলটোৱে আজিৰ খেলখনত জয়ৰ বাবে আপ্রাণ চেষ্টা চলাব। লীগ পর্যায়ৰ তিনিখন খেলত জয়লাভেৰে গ্ৰুপ-বিত শীৰ্ষত থকা শ্ৰীলংকাই ছুপাৰ-ফ’ৰৰ প্ৰথমখন খেলত বাংলাদেশৰ হাতত ৪ উইকেটত পৰাস্ত হৈছিল।
Site Admin | September 23, 2025 11:21 AM | Asia Cup Cricket
এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ’ৰ পৰ্যায়ত আজি পাকিস্তান-শ্ৰীলংকাৰ খেল