এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ছুপাৰ ফ‘ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে। ভাৰতে ১৭২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ ৫টা বলত ৪টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অভিষেক শৰ্মাই ৭৪ আৰু শুভমন গিলে ৪৭ ৰানৰ বৰঙণি আগবঢ়ায়।
ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৭১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ছাহিবজাদা ফাহানে সৰ্বাধিক ৫৮ ৰান কৰে। ভাৰতৰ এই জয়ে ৰান ৰেট শক্তিশালী কৰাৰ লগতে প্ৰতিযোগিতাখনত দলটোৰ স্থিতি সবল কৰিছে।
Site Admin | September 22, 2025 11:33 AM
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত পাকিস্তান ৬ উইকেটত পৰাস্ত
