ডাউনলোড
মোবাইল এপ

android apple
signal

September 19, 2025 12:36 PM

printer

শ্ৰীলংকা এছিয়া কাপ টি ২০ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ত প্ৰৱেশ

শ্রীলংকাই যোৱা নিশা আবুধাবিত অনুষ্ঠিত এছিয়া কাপ টি ২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফৰ পৰ্যায়ত প্ৰৱেশ কৰে। শ্ৰীলংকাই ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৪ টা বলত চাৰিটা উইকেট হেৰুৱাই ১৭১ ৰান কৰে। শ্ৰীলংকাৰ হৈ কুশল মেণ্ডিজে ৫২ টা বলত ৭৪ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ আগেয়ে আফগানিস্তানে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৬৯ ৰান কৰে। আফগানিস্তানৰ মহম্মদ নবীয়ে ২২ টা ৬০ ৰান কৰে । শ্ৰীলংকাৰ কুশল মেজিক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোওণা কৰা হয় ৷

এই জয়ৰ সুবাদত শ্ৰীলংকাৰ গ্ৰুপ বিৰ পইণ্ট তালিকাত শীৰ্ষ স্থান দখল কৰে। গ্ৰুপটোত অন্তৰ্ভুক্ত বাংলাদেশেও তিনিখন খেলৰ দুখনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়ৰ স্থান নিশ্চিত কৰিছে। প্রতিযোগিতা আজি আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হবলগীয়া গ্ৰুপ এৰ এখন খেলত ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হব।