October 24, 2025 12:46 PM | Ashwini Vaishnav

printer

ষট্ পূজাৰ সময়ত ১৫০০ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হব বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ৰেলমন্ত্রী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীৰ ৰেল ভৱনৰ বিশেষ কক্ষৰ পৰা কালি এই উৎসৱৰ বতৰত ৰেল যাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে চলাচল কৰোৱা বিশেষ ৰেলৰ বিষয়ে সবিশেষ বুজ লয়। তেওঁ সমাগত ষট্ পূজাৰ প্ৰতি লক্ষ্য ৰাখি বাবে ৰেল কর্তৃপক্ষই যাত্ৰীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। উৎসৱত বতৰত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেল ষ্টেচনসমূহত সু-ব্যবস্থা গঢ়ি তোলা আৰু পর্যাপ্ত নিৰীক্ষণ ব্যবস্থা গ্রহণ কৰা হৈছে। শ্রীবৈষ্ণবে কয়, যে তিনিটা পর্যায়ত সমগ্র দেশতে ৰেলৱে বৰ্ড, মাণ্ডলিক পৰ্য্যায় আৰু খণ্ড পর্যায়ত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয়, যে আটাইকেইটা পর্য্যায়তে সমন্বয়বে কাম-কাজ সম্পন্ন কৰা হয়। শ্রীবৈষ্ণবে কয়, যে অতিৰিক্তভাবে প্ৰতিটো ডাঙৰ ৰেল ষ্টেচনত এটা ক্ষুদ্র নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে, যাতে সকলো ৰেল ষ্টেচনৰ লগতে সমন্বয় ৰক্ষা কৰিব পৰা যায়।

উল্লেখযোগ্য যে, পৰৱৰ্তী তিনিটা দিনত নিয়মীয়া ৰেলৰ উপৰিও এহেজাৰ ৫০০ খন বিশেষ ৰেল চলাচল কৰোৱা হব। প্রতিদিনে প্রায় ৩০০ খন বিশেষ ৰেল চলোৱা হব। চলিত মাহৰ ১ তাৰিখৰ পৰা অহা মাহৰ ৩০ তাৰিখ পর্যন্ত ১২ হাজাৰৰো অধিক বিশেষ ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।