দেশৰ ৰে’ল দুর্ঘটনাৰ সংখ্যা ৯০ শতাংশ হ্রাস হৈছে বুলি কেন্দ্রীয় ৰেল মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি প্রকাশ কৰিছে। তেওঁ কয়, যে ২০০৪ ৰ পৰা ২০১৪ চনৰ ভিতৰত ১৭১ টা ৰেল দুর্ঘটনা সংঘটিত হৈছিল। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে ৰে’ল দুর্ঘটনাৰ সংখ্যা হ্রাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যভাত এটা প্ৰশ্নৰ উত্তৰ দি শ্রীবৈষ্ণবে কয় যে চৰকাৰে এই দুর্ঘটনাসমূহৰ কাৰণ জানিবলৈ অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে আৰু দুর্ঘটনা হ্রাস কৰিবলৈ বিভিন্ন ধৰণৰ পদ্ধতি গ্রহণ কৰিছে। তেওঁ কয়, যে কবচ নামৰ থলুৱা স্বয়ংক্রীয় ৰে’ল সুৰক্ষা ব্যৱস্থাৰে ৰেলৰ সংঘর্ষ দূৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।
Site Admin | December 5, 2025 8:03 PM | Awashini Biashnav
দেশৰ ৰে’ল দুর্ঘটনাৰ সংখ্যা ৯০ শতাংশ হ্রাস হৈছে বুলি অশ্বিনী বৈষ্ণৱৰ প্রকাশ