কেন্দ্রীয় ৰেল মন্ত্রী অশ্বিনী বৈষ্ণবে মোন্থা নামৰ ঘূৰ্ণি বতাহজাকৰ সম্ভাব্য প্ৰভাৱলৈ চাই ৰে’ল বিষয়াসকলক বিশেষকৈ অন্ধ্রপ্রদেশৰ পূৱ উপকূলভাগ, ওড়িশা আৰু তেলেংগানাত প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। ভিডিতা’ কনফাৰেন্সিং ব্যৱস্থাৰে আজি মোন্থা ঘূর্ণিবতাহৰ পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগত প্ৰস্তুতিৰ সমীক্ষা কৰি মন্ত্ৰীগৰাকীয়ে বাধাহীন যোগাযোগ আৰু সময়মতে দুর্যোগ সহাৰি দলসমূহৰ নিয়োগৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। শ্রীবৈষ্ণবে সকলো ৰেল সংমণ্ডলক সতর্ক হৈ থাকিবলৈ আৰু ধমুহাৰ পাছত ৰেল সেৱা শীঘ্ৰে বাহাল কৰাটো সুনিশ্চিত কৰাৰ নিৰ্দেশ দিছে। ৰে’ল মন্ত্রালয়ে কৈছে যে ঘূর্ণিবতাহজাকৰ সম্ভাব্য প্রভাবলৈ চাই বাস্তৱিক সময়ত সমন্বয় আৰু ব্যবস্থা গ্রহণৰ বাবে মাণ্ডলিক বাৰ ৰূমসমূহ সক্ৰিয় কৰি তোলা হৈছে। যন্ত্রপাতি আৰু মানৱ শক্তিকে ধৰি সকলো আৱশ্যকীয় সা-সামগ্রী বিশেষকৈ বিজয়াড়া, বিশাখাপট্টনম আৰু গুন্টুৰ সংমণ্ডলক সাজু কৰি ৰখা হৈছে। মন্ত্রালয়ে লগতে যাত্ৰীৰ অসুবিধা কম কৰাৰ বাবে ৰে’ল চলাচলৰ ওপৰত অহৰহভাৱে নিৰীক্ষণ কৰি আছে। পূৱ উপকূলীয় ৰে’লৱে আৰু দক্ষিণ উপকূলীয় ৰে’লৱে আৰু দক্ষিণ মধ্য ৰে’লৱে সংমণ্ডলক আপাতকালীন পৰিস্থিতিৰ বাবে সম্পদ গোটাবলৈ আৰু আৱশ্যকীয় সুৰক্ষা সতৰ্কতা গ্রহণ কৰিবলৈ কোৱা হৈছে।
Site Admin | October 28, 2025 8:39 PM | ashwini vishnav
মোন্থাৰ সম্ভাব্য প্ৰভাৱৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ অশ্বিনী বৈষ্ণৱৰ