কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাশ্বিংটন ডিচিত জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত অংশ লব। জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত কৌশলগত সম্পদসমূহৰ বাবে গোলকীয় যোগান শৃংখলা সুৰক্ষিত কৰাৰ লক্ষ্যৰে আলোচনা অনুষ্ঠিত হয়। শ্রীবৈষ্ণবে সামাজিক মাধ্যমৰ এটা বার্তাত কয়, যে বিকশিত ভাৰতৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে গুৰুত্বপূৰ্ণ খনিজ সম্পদসমূহৰ যোগান শৃংখলা সুৰক্ষিত কৰাটো অধিক প্রয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্রেজাৰী সচিব স্কট বেছেন্টে শেহতীয়াকৈ ভাৰত আৰু অস্ট্রেলিয়াকে ধৰি কেইবাখনো দেশে গুৰুত্বপূর্ণ খনিজ সন্দৰ্ভত আলোচনাৰ বাবে বাশ্বিংটনত আয়োজন কৰা জি-ছেভেন বিত্ত মন্ত্ৰালয়ৰ বৈঠকত অংশ ল‘ব বুলি প্রকাশ কৰিছিল। এই সাতখন ৰাষ্ট্ৰ হৈছে আমেৰিকা, ব্রিটেইন, জাপান, ফ্রান্স, জার্মানী, ইটালী আৰু কানাডা। উল্লেখযোগ্য যে, লিথিয়াম, কোবাল্ট, গ্রেফাইট আৰু তামৰ দৰে গুৰুত্বপূৰ্ণ খনিজসমূহ প্ৰতিৰক্ষা ব্যৱস্থা, ছেমি কণ্ডাক্টৰ, নবীকৰণযোগ্য শক্তি প্রযুক্তি, বৈদ্যুতিক বাহনৰ বেটাৰী আৰু উন্নত উৎপাদনৰ বাবে অতি প্রয়োজনীয়।
Site Admin | January 12, 2026 12:03 PM | Awashini Biashnav
বাশ্বিংটন ডিচিত জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত অশ্বিনী বৈষ্ণৱৰ অংশগ্ৰহণ