December 12, 2025 11:37 AM | arunodai 3.0 assam cm

printer

বি টি আৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান

বি টি আৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হব। এই আঁচনিৰ অধীনত বি টি আৰৰ ৪ লাখ ৫০ হাজাৰ লোকক সামৰি লোৱা হব। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তর্ভুক্ত কৰা হৈছে। এই উপলক্ষে আজি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰী, বিত্তমন্ত্রী অজন্তা নেওগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। বি টি আৰৰ প্ৰতিখন জিলাতে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ওদালগুৰি জিলাত আয়োজিত কাৰ্যসূচীত মন্ত্রী পীযুষ হাজৰিকা আৰু চৰণ বড়োৱে অংশ লব। বাক্সা জিলাত ৰঞ্জিত কুমাৰ দাস আৰু উৰ্খাও গৌড়া ব্রহ্মা, তামুলপুৰ জিলাত চন্দ্রমোহন পাটোৱাৰী আৰু নন্দিতা গার্লোছা আৰু চিৰাং জিলাত ৰূপেশ গোৱালা আৰু কৌশিক ৰায় উপস্থিত থাকিব।