October 7, 2025 7:25 PM | Arunudoi

printer

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি

বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশেৰে লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পর্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ ২৫ হাজাৰ ৯৯১ টা স্থানত সমবেত হিতাধিকাৰীসকলক সম্বোধন কৰে। অৰুণোদয় আঁচনিৰ বাবে ৰাজ্য চৰকাৰে বছৰি প্ৰায় পাঁচ হাজাৰ কোটি টকা ব্যয় কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩৮ লাখ মহিলা উপকৃত হব বুলি প্রকাশ কৰিছে। এই আঁচনিৰ অধীনত কোনো লোকে ধন নাপালে, ততালিকে সংশ্লিষ্ট কর্তৃপক্ষক অভিযোগ কৰিবলৈ তেওঁ আহ্বান জনায়। মহিলা হিতাধিকাৰীসকলক এই আঁচনিৰ ধন সময়মতে পাবলৈ যোগাযোগৰ বাবে একাউন্ট সংযোগী ফোন নম্বৰ আৰু বেংকৰ কে বাই চি সক্ৰিয় কৰি ৰাখিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাক মাহে ১২৫০ টকাকৈ প্ৰদান কৰাৰ লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিবৰ বাবে চৰকাৰে অতিৰিক্তভাৱে ২৫০ টকাকৈ দিব বুলিও মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰিছে। অহা বছৰৰ ফেব্ৰুৱাৰীত চৰকাৰে মাতৃসকলৰ বাবে ডাঙৰ উপহাৰ আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে অহা ১ নৱেম্বৰৰ পৰা ৰেচন কার্ড থকা পৰিয়ালসমূহে সুলভ মূল্যত দাইল, নিমখ আৰু চেনী লাভ কৰিব বুলি ড০ শৰ্মাই ভাষণত উল্লেখ কৰিছে।

বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্ত সকলক অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম যথাযথভাবে সম্পন্ন কৰিবলৈও তেওঁ নির্দেশ দিছে।

ৰাজ্যৰ অন্যান্য জিলাতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। গোৱালপাৰা জিলাৰ ৯১২ টা ভোট কেন্দ্ৰত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰি আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অৰুণোদয় আঁচনিৰ তৃতীয় পর্যায়ত জিলাখনৰ ৮৮ হাজাৰ ২৯ গৰাকী মহিলা অন্তর্ভুক্ত হৈছে। বৰপেটা জিলাৰ ৫০ টা ভোটকেন্দ্ৰ সামৰি ৩৪ টা স্থানত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ এক লাখ ২৯ হাজাৰগৰাকী মহিলা উপকৃত হব।

ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰি আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১২৬ নম্বৰ বুথত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী প্রশান্ত ফুকনে অংশগ্ৰহণ কৰে। জিলাখনৰ ২৯ হাজাৰ গৰাকী মহিলাই আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ধন লাভ কৰে। তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানতো অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কাৰ্যসূচীৰ আয়োজন কৰা হয়।

ধেমাজি জিলাৰ বিভিন্ন স্থানটো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিক মুকলিৰ বাবে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ ৮৩ হাজাৰ ৩৫৩ গৰাকী মহিলা অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হব বুলি জিলা প্রশাসনে প্রকাশ কৰিছে।

নগাঁও জিলাৰ ভোট কেন্দ্ৰসমূহতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পর্যায় মুকলি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই আঁচনিৰ দ্বাৰা জিলাখনৰ এক লাখ ৯১ হাজাৰ ৪৫১টা পৰিয়াল লাভান্বিত হব বুলি জিলা প্রশাসনে প্ৰকাশ কৰিছে। একেদৰে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ বাঘজাপ ৰাস উৎসৱ মন্দিৰৰ ১৫১ আৰু ১৫২ নম্বৰ বুথত আয়োজিত সভাত মন্ত্রী পীযূষ হাজৰিকাই অংশগ্ৰহণ কৰে। বজালী সমষ্টিৰ প্ৰতিটো বুথতো অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি সভা অনুষ্ঠিত হয়। এই আঁচনিৰ জৰিয়তে সমষ্টিটোৰ ২৮ হাজাৰ ১৯৬ গৰাকী মহিলা উপকৃত হব।

নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ ৮৫ হাজাৰ ৬৪৯ গৰাকী হিতাধিকাৰীৰ মাজত আজি অৰুণোদয়ৰ ধন বিতৰণ কৰা হয়। আজি জিলাখনৰ ৮১০ টা ভোটগ্রহণ কেন্দ্ৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।