ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ এখন বিদ্যালয়ত পানীৰ টেংকি ফাটি ৩জন ছাত্ৰৰ মৃত্যু

অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ এখন বিদ্যালয়ত আজি পানীৰ টেংকি ফাটি যোৱাৰ ফলত তিনিজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়। নাহৰলগুনৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে জনোৱা মতে আজি পুৱাৰ ভাগত এই দুর্ঘটনা সংঘটিত হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু চাৰিজন কৰ্মচাৰীকে ধৰি আন দুজন লোকক আটক কৰিছে।