আজিৰে পৰা অৰুণাচল প্রদেশ বিধানসভাৰ বাজেট অধিৱেশন

অৰুণাচল প্রদেশ বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ’ব। পেমাখান্দু নেতৃত্বাধীন ৰাজ্য চৰকাৰখন পুনৰ ক্ষমতালৈ ঘূৰি অহা পাছত এইখনেই হ’ব চৰকাৰৰ প্ৰথমখন বাজেট। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্রী চাওনা মাইনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। অহা ২৪ জুলাইত তেওঁ এই বাজেট উত্থাপন কৰাৰ কথা আছে। এই অধিৱেশনত ছটা সত্ৰ অনুষ্ঠিত হ’ব আৰু ৬ জুলাইত ইয়াৰ সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।