ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 18, 2025 12:39 PM | Arunachal Pradesh

printer

মাউণ্ট এলব্রুছ শৃংগ আৰোহন কৰা বাবে কাবাক য়ানুক অভিনন্দন জ্ঞাপন অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেণ্টেট জেনেৰেল কে টি পৰনাইকে মাউণ্ট এলব্রুছ শৃংগ আৰোহন কৰা বাবে পৰ্বতাৰোহী কাবাক য়ানুক অভিনন্দন জ্ঞাপন কৰে। মাউণ্ট এলব্রুছ হৈছে ৰাছিয়া আৰু ইউৰোপৰ আটাইতকৈ ওখ শৃংগ।কাবাকে চলিত মাহৰ ১৬ আগষ্টত এই শৃংগটো আৰোহন কৰিছিল ।

ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে পতাকা জোকাৰি কাবাক য়ানুৰ চেভেন চাম্মিট চেলেঞ্জ মুকলি কৰে আৰু পৰ্বতাৰোহীগৰাকীৰ উৎসৰ্গাৰ মনোভাৱ তথা আত্মবিশ্বাসৰ প্ৰশংসা কৰে।
মাউণ্ট এলব্রুছ শৃংগটো সাগৰ পৃষ্ঠতকৈ ১৮হাজাৰ ৫শ ১০ ফুট উচ্চতাত অৱস্থিত। এই শৃংগটো দক্ষিণ পশ্চিম ৰাছিয়াৰ সমীপৱৰ্তী জর্জিয়ান সীমান্তৰ কাউকাচাচা পৰ্বতত আছে। ই ইউৰোপৰ সৱাতোকৈ ওখ শৃংগ হোৱাৰ লগতে ইউৰেছিয়াৰ সৰ্ববৃহৎ আগ্নেয়গিৰি তথা বিশ্বৰ শীর্ষ ১০টা শৃংগৰ অন্যতম।