গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ বনাঞ্চল অবৈধ দখলমুক্ত কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত ৰাজ্যকেইখনত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীয়ে বনাঞ্চলত চলি থকা অবৈধ দখল ৰোধ সন্দৰ্ভত দাখিল হোৱা এখন জনস্বার্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে বনাঞ্চলসমূহ দখলমুক্ত কৰাৰ বাবে বিস্তৃত পৰিকল্পনা যুগুত কৰিবলৈ প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব আৰু বন বিভাগৰ মুৰববীসকলক নিৰ্দেশ দিয়াৰ লগতে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে। এই শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ মহাধিবক্তাই বনভূমি দখলমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে প্ৰকাশ কৰে। চাৰিওখন ৰাজ্যই এই সন্দৰ্ভত উচ্চস্তৰীয় কমিটী গঠন কৰিবলৈও সন্মতি প্ৰকাশ কৰিছে । আদালতে অসম, অৰুণাচল আৰু মেঘালয় চৰকাৰে সীমাবিবাদ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈ এই বিবাদ নিষ্পত্তিৰ সৈতে বনাঞ্চল দখলৰ বিষয়টো একাকাৰ নকৰিবলৈও পৰামৰ্শ দিয়ে। বিষয়টো সন্দৰ্ভত অহা ৪ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ।
Site Admin | July 31, 2025 1:45 PM | arunachal nagaland mizuram highcourt
অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ বনাঞ্চল অবৈধ দখলমুক্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
