December 13, 2025 9:26 PM | arunachal dead body

printer

অৰুণাচলৰ আনজাও জিলাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ আইনী প্ৰক্ৰিয়াৰে অসম চৰকাৰৰ বিষয়াক হস্তান্তৰ

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ আজি অৰুণাচল চৰকাৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে অসম চৰকাৰৰ বিষয়াসকলক হস্তান্তৰ কৰে। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত সকলো আনুষ্ঠানিক প্রক্রিয়া সম্পূৰ্ণ কৰাৰ পাছত মৃতদেহসমূহ পৰিয়ালক চমজাই দিয়া হয়। মন্ত্ৰী বিমল বৰাৰ লগতে স্থানীয় লোকসকলে নিহত সকললৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আজি দিনটোৰ উদ্ধাৰ অভিযানৰ অন্তত দুৰ্ঘটনাস্থলীৰ পৰা ১১ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কাইলৈ হাইলঙত মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁলোকৰ পার্থিব শৰীৰ তিনিচুকীয়ালৈ আনি পৰিয়ালক অৰ্পণ কৰা হ’ব বুলি মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰে। এই দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা শ্রমিক বুদ্ধেশ্বৰ দীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুদ্ধেশ্বৰ হৈছে একমাত্ৰ শ্রমিক। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নিশা চিকিৎসাধীন শ্রমিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। শ্ৰী সোণোৱালে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়াললৈ ৭ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।