December 12, 2025 11:29 AM | Arunachal road accident

printer

অৰুণাচলৰ আনজাওত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত কালি সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোকপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেন্ডেলত দুর্ঘটনাটোত প্রাণ হেৰুওৱা লোকসকলৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। শ্রীমোদীয়ে প্রধানমন্ত্রী সাহায্য নিধিৰ অধীনত মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। একেদৰে আহতসকলৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও তেওঁ ঘোষণা কৰিছে। উল্লেখযোগ্য যে, পাহাৰীয়া অঞ্চলৰ পৰা শ্রমিক কঢ়িয়াই অনা এখন ডাম্পাৰ অৰুণাচলৰ হায়ুলিয়াং-ছাল্লাগাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুর্ঘটনাটো সংঘটিত হয়। বাহনখনত অসমৰ কমেও ২১ গৰাকী শ্রমিক আছিল। ঘটনাৰ পাছতেই স্থানীয় প্রশাসন আৰু এন ডি আৰ এফে শ্রমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্রদেশত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ শ্ৰমিকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্রয়োজনীয় সহযোগিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে। মন্ত্রী বিমল বৰাই কালি দুর্ঘটনাত নিহত শ্রমিকসকলৰ তিনিচুকীয়াৰ গেলা পুখুৰীত থকা পৰিয়ালক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।