ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 21, 2025 8:11 PM | Arunachal

printer

নামচাইত বুদ্ধ ধৰ্ম্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়বস্তুৰে আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি

অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্রী চাওনা মেইনে আজি নামচাইত বুদ্ধ ধৰ্ম্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়বস্তুৰে এখন দুদিনীয়া আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি কৰে। আন্তৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত এই অভিৱৰ্তনৰ আয়োজন কৰিছে। অনুষ্ঠানত গুৱাহাটীত ভূটানৰ কনচ্যুল জেনেৰেল জিগমে থিনলে নামগ্যাল, আন্তৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ সঞ্চালক প্রধান অভিজিত হালদাৰ আৰু সচিব প্ৰধান শ্বাৰ্চে জেংচুপ নিপচেও উপস্থিত থাকে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে ঐতিহাসিক গুৰুত্ব, অঞ্চলটোৰ কলা আৰু সংস্কৃতি আৰু চুবুৰীয়া দেশসমূহত বুদ্ধ ধম্মাৰ সাংস্কৃতিক প্ৰভাৱ সম্পৰ্কীয় ৩ খন আলোচনাচক্র অনুষ্ঠিত হয়। কাইলৈ নামচাইৰ বিশ্বপ্ৰসিদ্ধ গোল্ডেন পগৰাত বিপাশনা অভ্যাস কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনাৰ কাৰ্যসূচী গ্ৰহণ কৰা হব। ভাৰতৰ লগতে কম্বোদিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভূটানকে ধৰি আন কেইবাখনো দেশৰ বৌদ্ধ ভিক্ষু আৰু পণ্ডিতসকলে এই দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।