ডº অৰবিন্দ পানাগাৰিয়াসহ এটা প্ৰতিনিধি দল চাৰি দিনীয়া ভ্ৰমণসূচীলৈ আজি নাগালেণ্ডলৈ ৰাওনা

ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডº অৰবিন্দ পানাগাৰিয়াসহ এটা প্ৰতিনিধি দল আজি চাৰি দিনীয়া ভ্ৰমণসূচীলৈ নাগালেণ্ডলৈ যাব। প্রতিনিধি দলটোৱে ৰাজ্যখনৰ বিত্তিয় আঁচনি আৰু উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পর্যালোচনা কৰিব। বিত্ত আয়োগৰ প্ৰতিনিধি দলটোৱে কহিমাত মুখ্যমন্ত্রী নেইফিউ ৰিঅ’ আৰু তেওঁৰ মন্ত্ৰী সভাৰ সদস্য তথা আন আন বিশিষ্ট চৰকাৰী বিষয়াসকলকো সাক্ষাৎ কৰিব। দলটোৱে ইয়াৰ উপৰি বিভিন্ন ৰাজনৈতিক দল, স্থানীয় সংস্থা তথা বাণিজ্য আৰু উদ্যোগখণ্ডৰ প্ৰতিনিধিসকলৰ সৈতেও আলোচনা কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।