July 23, 2024 7:39 PM | APSC

printer

অসম লোকসেৱা আয়োগৰ ৩২ জন অভিযুক্তৰ বিশেষ ন্যায়াধীশৰ আদালতৰ অহা ২৯ জুলাইত ৰায়দান

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি গোচৰত দোষী সাব্যস্ত হোৱা ৰাকেশ পালসহ ৩২ জন অভিযুক্তই লাভ কৰিবলগীয়া শাস্তি সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে অহা ২৯ জুলাইত ৰায়দান কৰিব। বিশেষ আদালতে কালি কেলেংকাৰিৰ গোচৰত লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল, দুই সদস্য আৰু ২৯ জন কৃষি উন্নয়ন বিষয়াক দোষী সাব্যস্ত কৰিছিল। ইয়াৰ পাছতে আজি আদালতত দোষী প্রমাণিত হোৱা সকলৰ শাস্তি সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ হৈ এই শুনানিত প্ৰতিনিধিত্ব কৰা অধিবক্তাই সমাজৰ স্বাৰ্থত আৰু সংঘটিত অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্তকেইজনক সর্বোচ্চ শাস্তি বিহিবলৈ আদালতক আহ্বান জনায়।