January 8, 2026 7:41 PM | appointment

printer

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অচিৰেই মুঠ ১১,০১৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অচিৰেই মুঠ ১১ হাজাৰ ১৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। এই অনুসৰি কাইলৈ এ ডি আৰ ইত উত্তীর্ণ হোৱা ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক গুৱাহাটী খানাপাৰাৰ নৱনির্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে জনোৱা অনুসৰি পৰহিলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত এ ডি আৰ ইত উত্তীর্ণ হোৱা ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্ষৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। একেদৰে ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এ ডি আৰ ইত উত্তীর্ণ হোৱা ২৯২ গৰাকী চাহ জনগোষ্ঠী প্রার্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। এই নিযুক্তি সম্পন্ন হ’লে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ৪৫ হাজাৰ ৬৬৪ৰ পৰা ১ লাখ ৫৬ হাজাৰ ৬৭৭লৈ বৃদ্ধি পাব।