December 8, 2025 11:56 AM | appointment

printer

৬৬৪ গৰাকী প্রাদেশিকীকৃত পৌৰ কৰ্মচাৰী আৰু ৮ গৰাকী সহকাৰী সঞ্চালকক আজি নিযুক্তি পত্ৰ প্ৰদান

স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি ৭১ খন পৌৰসভাৰ ৬৬৪ গৰাকী প্রাদেশিকীকৃত পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ ৮ গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ২ বজাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব।

ইপিনে অসম আৰক্ষী আৰু গৃহ বিভাগত নিযুক্তি লাভ কৰা চাহ জনজাতিৰ ১২০ গৰাকী প্ৰাৰ্থীক আজি বিয়লি জনতা ভবনত আয়োজিত এটা অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।