December 18, 2025 7:33 PM | appointment

printer

লোকসেৱা ভৱনত ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক মুখ্যমন্ত্রীৰ নিযুক্তি পত্ৰ প্ৰদান

জি আই এছ ভিত্তিক সম্পত্তিৰ মানচিত্ৰকৰণ, ডিজিটেল আত্ম মূল্যায়ন আৰু স্বচ্ছ ব্যৱস্থাৰ জৰিয়তে বৰ্তমান পৌৰ নিগম আৰু নিকায়সমূহৰ ৰাজহ ৩০ শতাংশ বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰি দিয়া ভাষণত মুখ্যমন্ত্রীয়ে কয়, যে ৰাজ্যত বর্তমান ৩ খন পৌৰ নিগম আছে আৰু নতুনকৈ বহুকেইটা অঞ্চলক পৌৰ এলেকা বা নগৰাঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। খোৱাপানীৰ সমস্যা, কৃত্রিম বান, জাৱৰ নিষ্কাষণ আদিকে ধৰি নগৰীয়া প্রশাসনসমূহে সম্মুখীন হোৱা বিভিন্ন প্রত্যাহ্বানৰ কথা উল্লেখ কৰি ড০ শৰ্মাই কয়, যে বর্তমান সময়ত কিউ আৰ কোডৰ জৰিয়তে ধন আদায়, এছ এম এছ এলার্ট আদিৰ দৰে ব্যৱস্থাই পৌৰ প্ৰশাসনত স্বচ্ছতা আনিছে।

আজি নিযুক্তি লাভ কৰা সকলৰ ভিতৰত ১৬ গৰাকী মেকানিকেল অভিযন্তা, ১১ গৰাকী বৈদ্যুতিক অভিযন্তা, ৮ গৰাকী জনস্বাস্থ্য অভিযন্তা, ৬ গৰাকী পৰিৱেশিক অভিযন্তা আৰু দুগৰাকী ব্যৱহাৰিক অভিযন্তা আছে। অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।