ৰাজ্য চৰকাৰে অহা ৩১ জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰে APAAR পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নির্দেশ দিছে। সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা অনুসৰি বিগত বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ৭৯ শতাংশ ছাত্ৰ-ছাত্ৰীৰ APAAR পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আধাৰ কাৰ্ড থকা ১১ শতাংশ ছাত্র-ছাত্ৰীয়ে এতিয়াও APAAR পৰিচয় পত্ৰৰ বাবে আবেদন কৰা নাই। ইপিনে, আধাৰকাৰ্ড নথকা ১২ শতাংশ ছাত্ৰ-ছাত্ৰীৰ APAAR পৰিচয় পত্ৰত নাম সন্নিবিষ্ট কৰাটো প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে। সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকে শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, সমগ্ৰ শিক্ষা, অসমৰ জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়ালৈ এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীৰ সৈতে আধাৰ আৰু APAAR পৰিচয় পত্ৰ নথকা ছাত্ৰ-ছাত্ৰীৰ একোখনকৈ তালিকা গাঁথি দিয়া হৈছে। উল্লেখযোগ্য যে APAAR পৰিচয় পত্ৰ হৈছে ৰাষ্ট্ৰীয় শিক্ষা সংস্কাৰ পৰিকাঠামো, যাৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জীৱনজোৰা ডিজিটেল শৈক্ষিক পৰিচয় সৃষ্টিৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলক ১২টা সংখ্যাযুক্ত একোটাকৈ ডিজিটেল পৰিচয় প্ৰদান কৰা হ’ব।
Site Admin | January 5, 2026 12:50 PM | APAAR school order
অহা ৩১ জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰে APAAR পৰিচয়-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নির্দেশ