প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী নীতিৰ নতুন সংজ্ঞা দিছে আৰু ভাৰতৰ ভূমিত হোৱা যিকোনো সন্ত্রাসবাদী আক্রমণক যুদ্ধ বুলি গণ্য কৰাৰ কথা স্পষ্ট কৰি দিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রকাশ কৰিছে। তেওঁ লগতে সিন্দূৰ অভিযানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ইতিহাসৰ সবাতোকৈ বৃহৎ ব্যৱস্থা বুলি অভিহিত কৰে। ইয়াক তেওঁ সন্ত্রাসবাদক পুলিয়ে-পোখাই উৎখাত কৰাৰ বাবে যিকোনো পৰ্যায়লৈ যোৱাৰ দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণ বুলি উল্লেখ কৰে। শ্ৰীনগৰৰ বাদামী বাগ ছাউনীত কালি সেনা জোৱানক উদ্দেশি ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে পাকিস্তানৰ পাৰমাণৱিক ব্লেকমেইলত ভাৰত বিচলিত নোহোৱাৰ পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় সংকল্পৰ উমান পাব পাৰি। পাকিস্তানে কিদৰে বাৰে বাৰে দায়িত্বহীনভাৱে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে বিশ্বই সেয়া প্ৰত্যক্ষ কৰা বুলি শ্রীসিঙে মন্তব্য কৰে। তেওঁ কয়, যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ নিৰীক্ষণত ৰখা উচিত। প্রধানমন্ত্রী মোদীৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে সম্ভৱ নহয় আৰু আলোচনা হ’লে অকল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰকলৈহে হ’ব। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, স্থলসেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল অনুষ্ঠানত উপস্থিত থাকে।
অপাৰেচন সিন্দূৰ অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ইতিহাসৰ সবাতোকৈ বৃহৎ ব্যৱস্থাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
