December 31, 2025 12:23 PM | anurag goyel p meet

printer

ফেব্ৰুৱাৰীৰ শেষভাগত অথবা মাৰ্চৰ প্ৰথমভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

অহা ফেব্ৰুৱাৰীৰ শেষভাগত নাইবা মাৰ্চৰ প্ৰথমভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি বুথ পৰ্যায়ৰ বিষয়াসকলে সংশোধিত খচৰা ভোটাৰ তালিকাৰ সবিশেষ সংশ্লিষ্ট গাঁওসভাসমূহক প্ৰদান কৰিব। ৩, ৪, ১০ বা ১১ জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত প্ৰতিখন গাঁৱৰ বাসিন্দাক অৱগত কৰোৱা হ’ব। গাঁওসভাৰ দিনটো জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব।

শ্ৰী গোৱেলে কয়, যে ৰাজ্যত সংশোধিত ভোটাৰ তালিকাৰ খচৰা অনুসৰি ভোটাৰৰ সংখ্যা পূৰ্বতকৈ ১ দশমিক ৩-৫ শতাংশ বৃদ্ধি হৈছে। তেওঁ কয়, যে ৰাজ্যত ৬০ হাজাৰৰো অধিক বি এল অ’ৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়, যে এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা ২ কোটি ৫২ লাখ এহেজাৰ ৬২৪। খচৰা ভোটাৰ তালিকা মতে মুঠ পুৰুষ ভোটদাতাৰ সংখ্যা ১ কোটি ২৫ লাখ ৭২ হাজাৰ ৫৮৩ আৰু মহিলা ভোটদাতাৰ সংখ্যা ১ কোটি ২৫ লাখ ২৮ হাজাৰ ৬৬২। তৃতীয় লিংগৰ ভোটদাতাৰ ৩৭৯ গৰাকী। দিব্যাংগ ভোটদাতাৰ সংখ্যা ২ লাখ দুহেজাৰ ৪৩৩। এইবাৰ এহেজাৰ ৮৩০টা ভোটকেন্দ্ৰ বৃদ্ধিৰে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৩১ হাজাৰ ৪৮ লৈ বৃদ্ধি হৈছে। খচৰা ভোটাৰ তালিকাত ৭ লাখ ৮৬ হাজাৰ ৮৪১ গৰাকী নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে ৪ লাখ ৪৭ হাজাৰ ১৯৬ গৰাকী ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ভোটাৰ তালিকাত একাধিকবাৰ নাম থকা ৫৩ হাজাৰ ৬১৯ গৰাকী ভোটদাতাৰ নাম কৰ্তন কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে কৰ্মসূত্ৰে বাহিৰত থকা ভোটদাতাসকলে ৬ নম্বৰ প্ৰ-পত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰিব পাৰিব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ২২ জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। একেদৰে ৮ নম্বৰ প্ৰ-পত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম ভুল থাকিলে সংশোধন কৰিব পাৰিব। ১০ ফেব্ৰুৱাৰীত পূর্ণাংগ ভোটাৰ তালিকা প্রকাশ পাব বুলি সংবাদমেলত মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।