ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। নির্বাচন আয়োগে কালি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়ালৈ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে আজি সংবাদমেল সম্বোধন কৰি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে কোৱা অনুসৰি ভোটাৰৰ তথ্য ছপা কৰাৰ প্রক্রিয়া আজি আৰম্ভ হৈছে। এই প্রক্রিয়া ২১ নৱেম্বৰলৈ চলিব। ২২ নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। ২০২৬ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা হ‘ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাৰ থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। আনহাতে অসমৰ কোনো লোকৰ নাম বহিঃৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনে লোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ‘ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো লোকক ঘৰত নাপালে তিনিবাৰ পৰ্যন্ত গৈ পুনৰীক্ষণ সম্পূর্ণ কৰিব লাগিব। সকলো তথ্য বিশেষ এপত সংগ্ৰহ কৰা হ‘ব।
মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে লগতে কয়, যে এটা ভোটকেন্দ্ৰত এহেজাৰ ২০০তকৈ অধিক ভোটাৰ নথকাৰ ব্যৱস্থা কৰা হ‘ব। সেই অনুসৰি অসমৰ জনসংখ্যাৰ হিচাপত এহেজাৰ ৮২৬টা ভোটকেন্দ্ৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বিষয়ে জিলা পর্যায়ত আলোচনা চলি আছে। একেখন সংবাদমেলতে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে কয়, যে ফেব্ৰুৱাৰী মাহৰ পাছত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাবনা আছে। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ ১৫ দিনৰ ভিতৰত কোনো লোকৰ কিবা অভিযোগ থাকিব সেই অভিযোগ জিলা আয়ুক্তক দিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ নিষ্পত্তি নহ‘লে সেই অভিযোগ মুখ্য নির্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব।