ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বিশেষ অধিবেশনত সচিব এণ্টনিঅ‘ গুটেৰেছে ইৰাণৰ পাৰমাণৱিক ক্ষেত্ৰসমূহত আমেৰিকাৰ সামৰিক আক্ৰমণৰ পিছত দেশখনৰ সংকট হ্ৰাস কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। প্ৰতিশোধ আৰু গভীৰ সংঘাতৰ ফলত হব পৰা বিপদৰ আশংকা কৰি গুটেৰেছে কয় যে আমি শান্তিৰ ওচৰত হাৰ মানিব নোৱাৰো আৰু হাৰ মনাতোও উচিত নহয়। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্রতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আহ্বান জনোৱা অধিবেশনত ভাষণ দি তেওঁ সকীয়াই দিয়ে যে ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ অঞ্চলটোৰ অৱনতি ঘটা পৰিস্থিতিৰ এক “বিপজ্জনক মোৰ”। তেঁও লগতে মধ্য প্ৰচ্যত সামৰিক উত্থানক গৰিহণা দি সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু নিৰাপদ সামুদ্রিক পৰিবহণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাছিয়া, চীন আৰু পাকিস্তানে নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰি তাৎক্ষণিক আৰু বিনাচতে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছে। বৈঠকত ইৰাণৰ প্ৰতিনিধি আমিৰ ছাইদ ইৰাভানীয়ে কয় যে তেহৰানৰ আমেৰিকাৰ আগ্ৰাসনৰ বিৰুদ্ধে নিজকে সুৰক্ষা দিয়াৰ অধিকাৰ আছে। তেওঁ লগতে কয় যে এই আক্ৰমণৰ পাছত ইৰাণৰ পৰৱৰ্তী পদক্ষেপ দেশখনৰ সশস্ত্ৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব। ইজৰাইলৰ ৰাষ্ট্ৰসংঘৰ দূত ডেনি ডেননে আমেৰিকাৰ ইৰাণ আক্রমণে বিশ্বক নিৰাপদ স্থানলৈ পৰিণত কৰিছে বুলি মন্তব্য কৰে আৰু এই আক্রমণক গৰিহণা নজনোৱাৰ পোষকতা কৰে। ইফালে চীনৰ ৰাষ্ট্ৰদূত ফু কঙে আমেৰিকাৰ আক্ৰমণক গৰিহণা দি সংযম হোৱাৰ আহ্বান জনাইছে। আমেৰিকাৰ ৰাষ্ট্ৰদূত ড‘ৰথী শিয়াই কয় যে ইৰাণে প্ৰতিশোধ লোৱাৰ কথা ভবাটো অনুচিত। আমেৰিকাৰ নাগৰিক বা আমেৰিকাৰ সামৰিক ঘাটিৰ বিৰুদ্ধে প্রত্যক্ষ বা পৰোক্ষভাৱে যিকোনো আক্রমণ কৰিলে বিধ্বংসী প্রতিশোধ লোৱা হব বুলিও ৰাষ্ট্ৰদূতগৰাকীয়ে সকিয়নী প্ৰদান কৰিছে।
Site Admin | June 23, 2025 11:39 AM | Antony gutress
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা পৰিষদৰ বৈঠকত দেশখনৰ সংকট হ্ৰাস কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান এণ্টনিঅ’ গুটেৰেছৰ
