ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ সৰ্বাংগীণ উন্নয়নৰ হকে ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সুবিধাসমূহৰ ফলস্বৰূপে সম্প্রতি বিদ্যালয় শিক্ষা ব্যৱস্থাৰ যথেষ্ট উন্নতি হৈছে। বিদ্যালয় শিক্ষাৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত প্ৰকাশ পোৱা বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০১০ চনৰ তুলনাত ২০২৪ চনত মধ্যাহ্ন ভোজন, খোৱাপানী, ছাত্ৰীৰ বাবে পৃথক প্ৰস্ৰাৱগাৰ, পুথিভঁৰাল, বিদ্যুতৰ ব্যৱস্থা আদি ক্ষেত্ৰত ভালেখিনি উন্নয়ন সাধন কৰা হৈছে। সেই অনুসৰি ২০১০ চনত ৬৭ দশমিক ৩ শতাংশ ছাত্র-ছাত্রীক মধ্যাহ্ন ভোজন কৰোৱাৰ বিপৰীতে ২০২৪ চনত এই হাৰ ৮৩ শতাংশলৈ বৃদ্ধি পায়। একেদৰে খোৱাপানীৰ সুবিধা ৬০ দশমিক ৯ শতাংশৰ পৰা ৭৯ দশমিক ৪ শতাংশলৈ বৃদ্ধি পাইছে। প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ২০১০ চনত ৩৩ দশমিক ১ শতাংশ বিদ্যালয়তহে প্ৰস্ৰাৱগাৰৰ সুবিধা আছিল। ইয়াৰ পৰিৱৰ্তে ২০২৪ চনত এই হাৰ ৮০ দশমিক ৯ শতাংশ হয়। একেদৰে ছাত্ৰীৰ বাবে পৃথক আৰু ব্যৱহাৰযোগ্য প্ৰস্ৰাৱগাৰৰ হাৰ ১৩ দশমিক ৭ শতাংশৰ পৰা ৬৭ দশমিক ৭ শতাংশ বৃদ্ধি হয় বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।
Site Admin | February 13, 2025 7:04 PM | Annual Status of Education Report
ৰাজ্যৰ বিদ্যালয় শিক্ষা ব্যৱস্থা যথেষ্ট উন্নত বুলি ৰাজ্যিক বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ