অন্ধ্ৰপ্ৰদেশৰ যোগ-অন্ধ্র ২০২৫ অভিযানৰ অংশ হিচাপে শ্রীকাকুলাম জিলাত যোগ অধিৱেশন

অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত চলি থকা যোগ-অন্ধ্র ২০২৫ অভিযানৰ অংশ হিচাপে কালি শ্রীকাকুলাম জিলাত যোগ অধিৱেশন অনুষ্ঠিত কৰা হয়। যোগক দৈনন্দিন স্বাস্থ্য অনুশীলন হিচাপে প্ৰচাৰ কৰাই এই অনুষ্ঠানৰ মূল লক্ষ্য। বিশেষকৈ যিবোৰ সম্প্ৰদায়ৰ জীৱিকা শাৰীৰিক পৰিশ্ৰম আৰু মানসিক শক্তিৰ ওপৰত নিৰ্ভৰশীল, তেঁওলোকৰ মাজত যোগাসনৰ আৱশ্যকতা সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ লক্ষ্যৰে যোগ-অন্ধ্র অনুষ্ঠিত কৰা হৈছে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, মহিলা গোট, আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে এই সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ কমেও দুই কোটি লোকৰ কাষ চাপিবলৈ চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। শ্রীকাকুলামত অনুষ্ঠিত এই অনুষ্ঠানে যোগাসনক সকলো নাগৰিকৰ বাবে সুলভ আৰু প্ৰাসংগিক কৰি তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।