May 21, 2025 12:25 PM | Anandaram Baruah

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মবার্ষিকীত শ্রদ্ধা নিবেদন

পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। সংস্কৃত ভাষাৰ পণ্ডিতগৰাকীৰ সন্মানার্থে আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থাৰ উদ্যোগত আজি এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আয়োজিত কাৰ্যসূচীত নতুন দিল্লীৰ ভাৰতীয় সমাজ বিজ্ঞান অনুসন্ধান পৰিষদৰ সদস্য সচিব অধ্যাপক ধনঞ্জয় সিঙে পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱা স্মাৰক বক্তৃতা আগবঢ়াব। এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী তথা আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থাৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ ৰণোজ পেগু উপস্থিত থাকিব। গুৱাহাটীৰ ৰজাদুৱাৰতো আজি দিনজোৰা কাৰ্যসূচীৰে আনন্দৰাম বৰুৱাৰ জন্মবার্ষিকী পালন কৰা হৈছে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।