নগাঁও জিলাৰ হয়বৰগাঁও ৰে‘ল ষ্টেচনকে ধৰি দেশৰ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০৩টা অমৃত ষ্টেচন আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকানেৰৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই উপলক্ষে হয়বৰগাঁও অমৃত ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে‘লৱেই আয়োজন কৰা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ১০৩টা ৰে‘ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে নতুন ৰূপত গঢ় দি ভাৰতীয় ৰে‘লৰ বিকাশত নতুন মাত্ৰা প্ৰদান কৰিলে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী কেশৱ মহন্ত, নাগালেণ্ডৰ সাংসদ এছ এছ জমিৰ, উত্তৰ-পূব সীমান্ত ৰে‘লৱেৰ মুখ্য মহাপ্রবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, প্ৰাক্তন ৰে‘ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অমৃত ভাৰত ষ্টেচন যোজনাৰ অধীনত ১৫ কোটি ৮৫ লাখ টকা ব্যয়ৰে আধুনিকীকৰণ কৰা প্ৰায় ১৩৮ বছৰ পুৰণি হয়বৰগাঁও ষ্টেচন এতিয়াৰে পৰা যাত্ৰীসেৱাৰ বাবে উৎকৃষ্ট স্থান হৈ পৰিব বুলি আশা কৰা হৈছে ।
উল্লেখযোগ্য যে অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামুলীয়া ৱাইফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্ব’পিংমল আৰু ইণ্টাৰনেট কেফেৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্রতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিছে।