কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আগন্তুক লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব আৰু অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা পোষ্টযোগে শ্রীশ্বাহে কয়, যে আজি লোকপিয়ল সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনাৱলী প্ৰকাশ কৰা হ‘ব। প্ৰথমবাৰৰ বাবে লোকপিয়লত জাতি গণনাৰ ব্যৱস্থা কৰা হ‘ব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৩৪ লাখৰো অধিক গণনাকাৰী আৰু তত্বাৱধায়কৰ লগতে এক লাখ ৩০ হাজাৰৰো অধিক লোকপিয়লৰ কর্মীয়ে দেশজুৰি অভিযান চলাব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত বাসগৃহ, বাসগৃহ অৱস্থা, সম্পত্তি আৰু বাসগৃহত থকা সেৱা-সুবিধাৰ তথ্য সংগ্ৰহ কৰা হ‘ব। দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা, প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ আৰ্থসামাজিক, সাংস্কৃতিক আৰু অন্যান্য প্রয়োজনীয় তথ্যসমূহ সংগ্ৰহ কৰা হ‘ব। মোবাইল এপ্লিকেচনৰ যোগেদি এইবাৰ লোকপিয়ল কৰা হ‘ব ।
Site Admin | June 16, 2025 1:00 PM | Amrit sah
আগন্তুক লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত অমিত শ্বাহৰ পর্যালোচনা বৈঠক
