গোচৰৰ অভিযোগনামা দাখিলৰ ক্ষেত্ৰত অসমক অনুকৰণ কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহক গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

অসম আৰক্ষীয়ে ৬৬ শতাংশ গোচৰৰ অভিযোগনামা নিৰ্ধাৰিত সময়ৰ ভিতৰত দাখিল কৰি প্ৰশংসনীয় উদাহৰণ দাঙি ধৰা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহকো অসমক অনুকৰণ কৰিবলৈ আহ্বান জনাইছে। গুৱাহাটীত কালি বিয়লি অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ এখন বৈঠকত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে কয়, যে দেশত নতুন আইন তিনিখন ১০০ শতাংশ কার্যকৰী হ’লে ৬৬ শতাংশ গোচৰৰ অভিযোগনামা আৰক্ষীয়ে ৬০ৰ পৰা ৯০ দিনৰ ভিতৰত দিব পাৰিব। অসমে ইতিমধ্যে নির্ধাৰিত সময়ৰ ভিতৰত ৬৬ শতাংশ গোচৰৰ অভিযোগনামা দাখিল কৰাত সফল হোৱা বুলি তেওঁ উল্লেখ কৰে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে ক্ষিপ্ৰ আৰু স্বচ্ছ ন্যায় ব্যৱস্থা নিশ্চিত কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কালিৰ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত নতুন ফৌজদাৰী আইনসমূহৰ ৰূপায়ণৰ বিষয়ে পর্যালোচনা কৰা হয়। গৃহ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত ৰাজ্য প্ৰশাসনৰসমূহৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে। পর্যালোচনা সভাত গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্য সচিব আৰু ডি জি পিসকলৰ উপস্থিতিত চি আই ডি অসমৰ দ্বাৰা সংকলিত নতুন ফৌজদাৰী আইনৰ মানসম্পন্ন বিধি আৰু নিয়ম শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে। সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেণচিক সম্পৰ্কীয় বিভিন্ন নতুন বিধিৰ কাৰ্যকৰিতা আৰু বৰ্তমানৰ ব্যৱস্থা সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় ৷