ডাউনলোড
মোবাইল এপ

android apple
signal

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব। কাইলৈ নিশাটো দেৰগাঁৱত কটোৱাৰ পাছত পৰহিলৈ পুৱাৰ ভাগত তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকী যোৰহাট হৈ আইজললৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় ডেৰশ বছৰ পুৰণি ছাউনীটো আইজল নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখ’ছাঙলৈ স্থানান্তৰ কৰা অনুষ্ঠানত ভাগ ল’ব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২৩ অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছ বাহিনীৰ মাজত সম্পাদিত চুক্তি অনুসৰি আইজল নগৰৰ সোঁমাজত থকা আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা জোখ’ছাঙলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই চুক্তি অনুসৰি আছাম ৰাইফলছৰ আইজলৰ খাটলাত থকা মিজোৰাম খণ্ডৰ আঞ্চলিক চৌহদ আৰু টুইখোৱটলাঙৰ ৰাজভৱনৰ সমীপত থকা উপ-আৰক্ষী মহাপৰিদৰ্শকৰ চৰকাৰী বাসভৱন স্থানান্তৰ কৰা নহয়। জোখ’ছাঙত বাহিনীটোৰ মূল শিবিৰৰ নিৰ্মাণৰ কাম গৃহমন্ত্রী অমিত শ্বাহে যোৱা বছৰৰ এপ্ৰিল মাহত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আইজলৰ পৰা গুৱাহাটীলৈ উভতি আহি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নিশাটো অতিবাহিত কৰিব। ১৬ মাৰ্চত গৃহমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে শ্ৰীশ্বাহে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক