October 4, 2025 9:17 PM | amut shah

printer

মাওবাদীসকলক হিংসাৰ পৰা আঁতৰি সমাজৰ মূলসুঁতিলৈ ঘূৰি আহিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত বাঁওপন্থী উগ্রবাদৰ পৰা ভাৰতক মুক্ত কৰাৰ সংকল্পৰ কথা পুনৰবাৰ প্ৰকাশ কৰিছে। মাওবাদীসকলক হিংসাৰ পৰা আঁতৰি সমাজৰ মূল সুঁতিলৈ ঘুৰি আহিবলৈ আহ্বান জনায় তেওঁ কয়, যে সশস্ত্র সংগ্ৰামৰ পথত থকা সকলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। আজি ছত্তিশগড়ৰ জগদলপুৰত অনুষ্ঠিত বস্তৰ দশেৰা লোক উৎসৱত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নক্সালবাদৰ সমস্যাৰ বাবে এই অঞ্চল উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। অৱশ্যে অহা বছৰৰ ৩১ মাৰ্চৰ পিছত উগ্ৰপন্থীয়ে বস্তৰৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব বুলি তেওঁ উল্লেখ কৰে। লগতে গৃহমন্ত্ৰীগৰাকীয়ে আজি বস্তৰত গ্ৰামীন বাছ সেৱা যোজনাৰো শুভাৰম্ভণি কৰে। এই আঁচনিৰ অধীনত বস্তৰ আৰু সুৰগুজা সংমণ্ডলৰ ৩৪ টা পথত বাছ চলাচল কৰিব। এই অনুষ্ঠানতে শ্ৰী শ্বাহে চত্তিশগড় চৰকাৰৰ মহাতৰী বন্দন যোজনাৰ অধীনত বিংশ কিস্তি হিচাপে ৭০ লাখ মহিলাৰ বেংক একাউণ্টত ৬০০ কোটিতকৈও অধিক টকা হস্তান্তৰ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বস্তৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মুৰববীসকলৰ সৈতেও মত বিনিময় কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।