ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 18, 2025 10:05 PM | Amit Shah

printer

বিহাৰত বিগত ১১ বছৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ বাবে এন ডি এ চৰকাৰে ১৪ লাখ ৮৫ হাজাৰ কোটি টকাতকৈও অধিক ধন আগবঢ়াইছেঃ অমিত শ্বাহ

এন ডি এ চৰকাৰে বিহাৰত বিগত ১১ বছৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ বাবে ১৪ লাখ ৮৫ হাজাৰ কোটি টকাতকৈও অধিক ধনৰ সাহায্য আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ বেগুচৰাইত অনুষ্ঠিত বিজেপিৰ নেতা আৰু কৰ্মীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰে। তেওঁ কয়, যে ইউ পি এ চৰকাৰৰ শাসন কালত ২০০৪ৰ পৰা ২০১৪ চনৰ সময়ছোৱাত বিহাৰে মাত্ৰ দুই লাখ ৮০ হাজাৰ কোটি টকাহে লাভ কৰিছিল৷ শ্ৰী শ্বাহে কয়, যে ৰাষ্ট্ৰীয় জনতাদল আৰু কংগ্ৰেছে ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত জনসাধাৰণক বিপথে পৰিচালিত কৰি আছে। কোনো ভাৰতীয় নাগৰিকৰে নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। শ্ৰী শ্বাহে কয়, যে ভোটাৰ তালিকা পুনৰীক্ষণৰ উদ্দেশ্য হৈছে, অনুপ্ৰৱেশকাৰীৰ পৰা ভোটাৰ তালিকা মুক্ত কৰা। জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কয়, যে যি কোনো পৰিস্থিতিতে কোনো অনুপ্ৰৱেশকাৰীক ভোট দিবলৈ অনুমতি দিয়া নহ’ব। এটা বিজেপিৰ জনসাধাৰণৰ প্ৰতি এক প্রতিশ্রুতি। তেওঁ লগতে কয়, যে আজিডি আৰু কংগ্ৰেছেৰ ভোটবেংক ৰাজনীতিৰ বাবে ভোটাৰ তালিকাৰ পৰা অনুপ্ৰৱেশকাৰীৰ নাম কৰ্তনৰ ক্ষেত্ৰত বিৰোধ প্ৰদৰ্শন কৰি আহিছে। বেগুচৰাইৰ উপৰি ৰাজ্যখনৰ ১০ খন জিলাত অনুষ্ঠিত দলীয় কর্মীসভাত গৃহমন্ত্রী অমিত শ্বাহে আজি অংশগ্ৰহণ কৰে। এই সভাত বিজেপিৰ কেইবাগৰাকীও সাংসদ, বিধায়ক, তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।